কম্পিউটাৰ আৰু অসমীয়া ভাষাঃ অসমীয়া মুদ্রণ, অসমীয়া ভাষাৰ ছফটউৱেৰৰ ব্যৱহাৰ

-কম্পিউটাৰত অসমীয়া ভাষা লিখিবৰ বাবে ব্যৱহাৰ হোৱা কেইটামান ছফটৱেৰৰ নাম লিখক। এই ছফটৱেৰসমূহে অসমীয়া লিখন প্রণালীলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিলে আলোচনা কৰক।
-ইউনিক'ডৰ বিষয়ে এক চমু পর্যালোচনা আগবঢ়াৱক।
-বর্তমান কম্পিউটাৰত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ সুবিধা আৰু অসুবিধা আছে বুলি ভাবে?
- অসমীয়া ছফটৱেৰৰ বিষয়ে এটা আলোচনা যুগুত কৰক।

কম্পিউটাৰত অসমীয়া ভাষা লিখিবৰ বাবে ব্যৱহাৰ হোৱা কেইটামান ছফটৱেৰৰ নাম লিখক। এই ছফটৱেৰসমূহে অসমীয়া লিখন প্রণালীলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিলে আলোচনা কৰক। -ইউনিক'ডৰ বিষয়ে এক চমু পর্যালোচনা আগবঢ়াৱক। -বর্তমান কম্পিউটাৰত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ সুবিধা আৰু অসুবিধা আছে বুলি ভাবে? - অসমীয়া ছফটৱেৰৰ বিষয়ে এটা আলোচনা যুগুত কৰক।


ভূমিকা (Introduction)


কম্পিউটাৰ হ'ল আধুনিক জীৱন যাত্ৰাৰ এক অত্যাৱশ্যকীয় আহিলা। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানব সমাজে বিভিন্ন আহিলাৰ জৰিয়তে তথ্য আহৰণ আৰু যোগাযোগৰ ক্ষেত্ৰখনত ন ন ধাৰণা আৰু ব্যৱস্থাক আদৰি লৈছে। এই ক্ষেত্ৰত কম্পিউটাৰ হ'ল এক উল্লেখযোগ্য আধাৰ। কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্র বুলি কোৱা হয়। লেটিন ভাষাৰ 'কম্পিউট' (অর্থাৎ গণনা) শব্দৰ পৰা ইংৰাজী ভাষাৰ কম্পিউটাৰ শব্দটো আহিছে। বর্তমান যুগত কম্পিউটাৰ কেৱল গণনা কৰাৰ আহিলাই নহয়, মানৱ জীৱনৰ প্ৰায়বোৰ ক্ষেত্ৰতে এতিয়া কম্পিউটাৰৰ বহুল প্রয়োগ হোৱা পৰিলক্ষিত হয়। সময়ৰ লগে লগে ইয়াৰ কাৰ্যৰ পৰিসৰো বৃদ্ধি হৈ আহিছে। হিচাপ-নিকাচ, যান-বাহন নিয়ন্ত্রণ, তথ্য সংগ্রহ, কল-কাৰখানাৰ কাৰ্য সম্পাদন ইত্যাদিৰ লগতে বার্তা প্ৰেৰণ, মুদ্রণ, ছপাকৰণ ইত্যাদি প্রায় আটাইবোৰ গুৰুত্বপূৰ্ণ কাম কম্পিউটাৰৰ দ্বাৰা সম্পাদন কৰিব পাৰি।


সময়ৰ লগে লগে লিখিত ভাষা প্রকাশৰ মাধ্যমতো অভূতপূর্ব পৰিবৰ্তন আহিছে। শিলালিপি, তাম্রলিপি, সাঁচিপাতৰ পৰা কাগজত লিখালৈকে আৰু তাৰ পৰৱৰ্তী সময়ত টাইপৰাইটাৰ আগমনলৈকে যি ধাৰা অব্যাহত আছিল সেই ধাৰাক কম্পিউটাৰ তথা ইলেকট্রনিক মাধ্যমে এক নতুন মাত্রা প্রদান কৰিলে।


ভাষা প্রযুক্তি আৰু অসমীয়া ভাষা


সৰ্বসাধাৰণে ব্যৱহাৰ কৰা ভাষাক কম্পিউটাৰ বা তেনেধৰণৰ যন্ত্ৰ-পাতি বিলাকৰ বোধগম্য কৰিবৰ বাবে যেনেধৰণৰ কাৰিকৰী ব্যৱস্থা ব্যৱহাৰ কৰা হয় তাকে ভাষা প্রযুক্তি বুলিব পাৰি। তথ্য আৰু প্ৰযুক্তিৰ জগতখনত বহুলভাবে ব্যৱহৃত ভাষাটো হ'ল ইংৰাজী ভাষা। কিন্তু যোৱা কেইদশকমান ধৰি কম্পিউটাৰত আন আন ভাষা ব্যৱহাৰ কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। স্থানীয় আন ভাষাৰ ব্যৱহাৰে প্ৰযুক্তিৰ সুবিধাসমূহ সৰ্বসাধাৰণৰ বাবে সহজে উপলব্ধ হ'ব আৰু ইংৰাজী ভাষা ভালদৰে নজনাসকলে এই সুবিধাসমূহ গ্রহণ কৰিব পাৰিব বুলি কম্পিউটাৰত স্থানীয় ভাষাৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে। এনে দিশসমূহৰ কথা চিন্তা কৰিয়েই আশী দশকৰ শেষৰ ফালৰ পৰা কম্পিউটাৰত স্থানীয় ভাষাৰ ব্যৱহাৰ উদ্যোগ লোৱা হয়।


অসমীয়া ভাষাৰ ব্যৱহাৰ ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰখনত একেবাৰে চালুকীয়া অৱস্থাতে আছে। ইণ্টাৰনেটত অসমীয়া ভাষাত প্রাপ্ত তথ্যৰ পৰিমাণ অতি কম। বর্তমান অধিকসংখ্যক লোকে কম্পিউটাৰ আৰু ইণ্টাৰনেটত অসমীয়া ভাষা ব্যৱহাৰ কৰাত অধিক আগ্রহী হৈ উঠিছে যদিও ইউনিক'ডত অসমীয়া ভাষাই সম্পূর্ণরূপে স্বীকৃতি লাভ কৰা নাই বাবে কাৰিকৰী দিশত অসমীয়া ভাষাৰ ব্যৱহাৰ অন্য ভাষাৰ তুলনাত বহুত পিছ পৰি থকা দেখা গৈছে। এতিয়াও গুগল, ইণ্টাৰনেট এক্সপ্ল'ৰাৰ আদি অনুসন্ধানমূলক যন্ত্র (Search Engine)ত অসমীয়া ভাষা নিৰ্বাচন কৰিব পৰাকৈ বিকল্প গঢ় লৈ উঠা নাই। ইউনিক'ডত অসমীয়া ভাষাৰ স্বীকৃতি লাভৰ যুঁজখন এতিয়াও চলি আছে। কিন্তু অধিকসংখ্যক লোকেই ইউনিক'ডৰ বিষয়ে এতিয়াও অবগত নহয়। এনে সন্ধিক্ষণতো কম্পিউটাৰত অসমীয়া ভাষাত টাইপিং আৰু প্রিন্টিং চলি আছে আৰু বিভিন্ন গ্রন্থ প্রকাশিত হৈ আছে। ইয়াৰ লগতে ম'বাইল আৰু কম্পিউটাৰত সমানেই অসমীয়া ভাষা লিখনৰ উদ্দেশ্যে অনেক ছফটৱেৰৰ বিকাশ হৈ আছে।


পোন প্রথমে মুদ্রণ পদ্ধতিৰ আৱিষ্কাৰ হৈছিল চীন দেশত। কাঠত কাটি লোৱা আখৰৰ সাঁচবোৰতত চিয়াঁহি সানি কাগজত ছাপ মৰা পদ্ধতিটো চীনৰ বৌদ্ধ সন্যাসীসকলে আৱিষ্কাৰ কৰিছিল। পিছলৈ ইউৰোপত কাঠ বা ধাতুৰ পাতত আখৰ খোদিত কৰি মুদ্রণ ব্যৱস্থাৰ বিকাশ ঘটোৱা হৈছিল যদিও এই ব্যৱস্থাৰ দ্বাৰা কেৱল নির্দিষ্ট কিতাপৰ বাহিৰে অন্য একো ছপাব পৰা নগৈছিল। কাগজ আৱিষ্কাৰৰ পিছতে জন গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰাৰ লগে লগে মুদ্রণ জগতলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিল। জন গুটেনবার্গে তেওঁৰ ছপাশালৰ যোগেদি পোন প্ৰথম বাৰৰ বাবে ১২৮২ পৃষ্ঠাৰ বাইবেল ছপা কৰি উলিয়ায়। জার্মানীৰ পিছতে ক্রমে ইটালি আৰু ফ্রান্সত ছপাশাল স্থাপন হয়। ভাৰতত প্রথমে ১৯৫৬ চনত পর্তুগীজসকলে গোৱাত ছপাশালৰ কাম আৰম্ভ কৰে। অসমত খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত প্রথম ছপাশাল প্রতিষ্ঠা হয়। এই ছপাশালৰ পৰা ১৮১৩ চনত প্ৰথমখন ছপা কিতাপ আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক প্রকাশিত হয়।


কম্পিউটাৰত অসমীয়া ছফটৱেৰৰ ব্যৱহাৰ


যিসমূহ নির্দেশনাৰ জৰিয়তে কম্পিউটাৰৰ কামসমূহ সমাধান হয়, তেনে নীতি নির্দেশনাসমূহকে ছফটৱেৰ বুলি কোৱা হয়। অর্থাৎ কম্পিউটাৰ ছফটৱেৰ হ'ল কম্পিউটাৰক নির্দেশ দিব পৰা কেতবোৰ প্ৰগ্ৰেমৰ সংগ্ৰহ। কম্পিউটাৰ ছফটৱেৰ প্ৰধানঃ তিনি প্ৰকাৰৰ- ছিষ্টেম ছফটৱেৰ, প্রগ্রামিং ছফটৱেৰ আৰু এপ্লিকেশ্বন ছফটৱেৰ। এই ছফটৱেৰসমূহে কম্পিউটাৰৰ মাধ্যমত সকলো প্ৰকাৰৰ কাম সম্পাদন কৰাত সহায় কৰে।


কম্পিউটাৰত অসমীয়া ভাষাৰ ব্যৱহাৰ বহু পুৰণি কথা নহয় আৰু অসমীয়া ভাষাক কম্পিউটাৰ মাধ্যমত ব্যৱহাৰ কৰাৰ ক্ষেত্রত এতিয়াও যথেষ্ট পৰীক্ষা-নিৰীক্ষা আৰু বাক বিতণ্ডা চলি আছে। অসমীয়া ভাষা কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ বিভিন্ন ছফ্টৱেৰ উদ্ভাৱন হৈছে আৰু বৰ্তমানেও এনে বহু ছফটৱেৰৰ ব্যৱহাৰ হৈ আছে। ৰামধেনু, লিপ অফিচ, Sree Lipi আদি এনে ছফটৱেৰ বা লিখন সঁজুলি আৰু Geetanjalilight, Assamese (Sankar) Vrinda আদি অসমীয়া ফণ্ট।


কম্পিউটাৰত অসমীয়া লিখন পৰম্পৰাৰ ক্ষেত্ৰত্রত এক অনবদ্য সংযোজন হ'ল 'ৰামধেনু' ছফটৱেৰ। এই ছফটৱেৰৰ উদ্ভাৱকজনৰ নাম ত্ৰিদীপ কুমাৰ বৰুৱা। ৰামধেনু ছফটৱেৰে অসমীয়া লিখন পৰম্পৰাক কলমৰ দ্বাৰা হাতেৰে লিখিব পৰাৰ পৰা কী ব'ৰ্ডৰ দ্বাৰা কম্পিউটাৰ স্ক্ৰীণত লিখালৈ উত্তৰণ ঘটালে। এই ছফটৱেৰৰ সহায়তে বর্তমানলৈকে অধিকাংশ গ্ৰন্থই মুদ্রিত ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। ৰামধেনুত অসমীয়া বৰ্ণমালাৰ প্ৰতিটো আখৰ আৰু যুক্তাক্ষৰ আসোৱাহ নৰখাকৈ টাইপ কৰিব পাৰি। অন্যান্য প্ৰায়বোৰ ছফটৱেৰত এইক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। অসমীয়া লিখন পৰম্পৰালৈ বৈপ্লৱিক পৰিৱৰ্তন অনা ছফটৱেৰ ৰামধেনুৱে অসমীয়া মুদ্রণ বা ডেক্সটপ পাব্লিছিঙৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা কৰিলে।



শ্রীলিপি, লিপ অফিচ, ৰামধেনুৰ দৰে ছফটৱেৰসমূহৰ কেতবোৰ সীমাবদ্ধতা আছিল। এই ছফট্ৰেৰত থকা ফণ্ট ব্যৱহাৰ কৰি লিখা আখৰসমূহ সকলো ইলেকট্রনিক সৰঞ্জাম বা অপাৰেটিং ছিষ্টেমত দেখা নাযায়। এই ছফট্ৰেৰ থাকিলেহে আখৰসমূহ দেখা যায়। সেইবাবে এনে এটা পদ্ধতিৰ প্ৰয়োজনীয়তা আহি পৰিল, যিটোৰ সহায়ত প্রায় সকলো ভাষাৰ লিপি যিকোনো ইলেকট্রনিক সৰঞ্জাম তথা অপাৰেটিং চিষ্টেমত দেখা বা ব্যৱহাৰ কৰিব পৰা যায়। এনে উদ্দেশ্য আগত ৰাখিয়ে ১৯৮৭ চনত 'ইউনিক'ড কনছ 'র্টিয়াম' (Unicode Consortium) গঠিত হৈছিল। ইউনিক'ড কনছ'র্টিয়াম এটা বে-চৰকাৰী সংস্থা, যি সংস্থাই সমগ্ৰ বিশ্বৰ বাবে ভাষা লিখাৰ এটা উমৈহতীয়া ছফটৱেৰ প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছিল। বিভিন্ন ভাষাৰ আখৰবোৰ কম্পিউটাৰত ব্যৱহাৰ কৰিবৰ বাবে এই সংস্থাই Universal Charcter Set (UCS) গঢ়ি তুলিছে। এই ব্যৱস্থাত প্ৰতিটো আখৰৰ বিপৰীতে একোটা কোড (code) বা সাংকেতিক চিহ্ন নিৰূপণ কৰা হয়। এনে কোড ব্যৱহাৰ কৰি লিখিলে বিশ্বৰ সকলো কম্পিউটাৰতে আখৰবোৰ দেখা পোৱা যায়। বর্তমান এটা ভাষাৰ আখৰসমূহক কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ ইউনিক'ডে মান্যতা প্রদান কৰে। ডিজিটেল মাধ্যমত ভাষা এটাক প্রতিষ্ঠা কৰিবলৈ ইউনিক'ডৰ স্বীকৃতি বৰ্তমান সময়ত অত্যন্ত প্রয়োজনীয় হৈ পৰিছে। এই পদ্ধতিক বিশ্বৰ সকলো দেশে গ্রহণ কৰিছে আৰু মাইক্ৰ'চফ্ট (microsoft), গুগল (gogle), য়াহু (yahoo), এপল (appolo) আদি প্রযুক্তি প্রতিষ্ঠানসমূহে তেওঁলোকৰ আহিলা আৰু ব্যৱস্থাসমূহত ইউনিক'ড ব্যৱহাৰ কৰিছে।


কম্পিউটাৰ, ম'বাইল আৰু আন বহুতো ছফটৱেৰ নিৰ্মাণকাৰী কোম্পানীয়ে ইউনিক'ড ব্যৱস্থাক আদৰি লোৱাৰ লগে লগে ম'বাইল, কম্পিউটাৰ আদিত ইউনিক'ড লিখিব পৰা সঁজুলিৰ প্ৰয়োজনীয়তা আহি পৰিল। অসমীয়া ভাষাৰ মুঠ বৰ্ণ ৫২ টা- অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ, ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, ৰ, ল, ব, শ, স, য, হ, ক্ষ, ড়, ঢ়, য়, ৎ, ং, ঃ, আৰু বহু সংখ্যক যুক্তাক্ষৰ আছে। এই সকলোবোৰ কম্পিউটাৰত লিখাৰ বাবে কম্পিউটাৰ কি-ব'ৰ্ডত থকা ২৬ টা ইংৰাজী বৰ্ণ আৰু আন চিহ্নসমূহৰ সহায় ল'ব লগা হয়। সেইবাবে এনে এটা সঁজুলি বা ছফটৱেৰ নিৰ্মাণ কৰিবলগীয়া হয়, যিটোৱে কম্পিউটাৰত ইয়াৰ নিৰ্দ্ধাৰিত নিয়ম অনুসৰি অসমীয়া ভাষাটো লিখিব পাৰে। এনেদৰে নিৰ্মাণ কৰা কেইটামান উল্লেখযোগ্য অসমীয়া ছফটৱেৰ হ'ল- উৎপল ফুকনৰ 'জাহ্নবী কী-বৰ্ড', মৃদুল কুমাৰ শৰ্মাৰ 'লাচিত কী-বৰ্ড', 'ভাষা প্রযুক্তি বিকাশ পৰিষদ, অসম'ৰ 'ৰ'দালী কী-বর্ড', 'শব্দ. অৰ্গ'ৰ 'শব্দ কী-র্ড' Omicronlab ৰ দ্বাৰা বিকশিত অভ্র, লিপিকাৰ, বৰহ (www.baraha.com) শব্দলিপি ইউনিক'ড, মাইক্র'ছফ্ট ইণ্ডিক ইনপুট, লুইতপেড ইত্যাদি।


কিছুমান অসমীয়া ছফটৱেৰত অসমীয়া কথন পদ্ধতি বা উচ্চাৰণ (phonetic) অনুসৰি কম্পিউটাৰৰ কী-ব'ৰ্ডৰ কীবোৰৰ অসমীয়া লিখিব পাৰি। উদাহৰণ স্বৰূপে, k= ক, kh-খ, g-গ, gh=ঘ ইত্যাদি। আৰু আন কিছুমান কী-ব'র্ড হৈছে ইনস্ক্রিপ্ট কী-ব'র্ড, অর্থাৎ সকলো ভাষাৰ বাবে উমৈহতীয়াকৈ সজাই থোৱা কী সম্বলিত কী-ব'র্ড। ফ'নেটিক কী-ব'ৰ্ড সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে সহজ। কিন্তু ইনস্ক্রিপ্ট কী-ব'ৰ্ড ব্যৱহাৰৰ বাবে বিশেষ অনুশীলনৰ প্রয়োজন হয়। কম্পিটাৰত অসমীয়া লিখিবৰ বাবে আন এটা প্রয়োজনীয় উপকৰণ হ'ল- ফন্টসমূহ। উল্লেখযোগ্য যে সম্পূর্ণ অসমীয়া ইউনিক'ড ফন্ট এতিয়াও গঢ় লৈ উঠা নাই। বর্তমান ব্যৱহাৰ কৰি থকা ইউনিক'ড ফন্টসমূহ বাংলা ফণ্টৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। 'ক্ষ' অসমীয়া ভাষাত এটা বর্ণ। কিন্তু ইউনিক'ডত 'ক্ষ' হ'ল 'ক' আৰু 'ষ'-ৰ যুক্তাক্ষৰ। কম্পিউটাৰত অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰা বৃন্দা, বিদিশা, সোণাৰ বাংলা, আদর্শ ৰত্নে ইত্যাদি ফন্টসমূহ বাংলা ফন্ট। বাংলাৰ প্ৰভাৱৰ পৰা মুক্ত সুকীয়া মর্যাদাসম্পন্ন অসমীয়া ফণ্টৰ ব্যৱহাৰ হোৱাটো সাম্প্রতিক সময়ত এক গুৰুত্বপূৰ্ণ বিচার্য বিষয়। বর্তমান অসমীয়া লিপিয়ে ইউনিক'ডত 'বাংলা-অসমীয়া লিপি' হিচাপেহে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। সুকীয়া মর্যাদাৰে অসমীয়া লিপি হিচাপে স্বীকৃতি লাভ কৰিলেহে কম্পিউটাৰৰ পৃথিৱীখনত অসমীয়া ভাষাইও নিজস্ব স্থিতি লাভ কৰিব। সেইবাবে ইউনিক'ডত অসমীয়া লিপিক স্বকীয় মর্যাদাৰে প্রতিষ্ঠা কৰাৰ বাবে যাৱতীয় সকলোখিনি প্রচেষ্ঠা অব্যাহত ৰখা উচিত আৰু যিমান দূৰ সম্ভৱ কম্পিউটাৰত অসমীয়া লিপিত লিখাৰ অভ্যাস কৰা উচিত।


কেৱল অসমীয়া লিপি লিখিবৰ বাবেই অসমীয়া ছফটৱেৰ নিৰ্মাণ হোৱা নাই। কম্পিউটাৰত অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত অসমীয়া ছফটৱেৰ অভিধানসমূহো সমানেই গুৰুত্বপূৰ্ণ। ২০১০ চনত অসমীয়া ভাষাৰ প্ৰথমখন ছফটৱেৰ অভিধান প্রকাশ পাইছিল। 'অসমীয়া ছফটৱেৰ অভিধান' নামৰ এই অভিধানখনৰ ব্যৱস্থাপকজনৰ নাম অনিল বৰুৱা। এই অভিধানখনত শব্দ আৰু অৰ্থৰ লগতে ফকৰা-যোজনা, সততে হোৱা ভুল শুদ্ধ ৰূপৰ তালিকা আদি দিশবোৰতো গুৰুত্ব দিয়া হৈছে। তালিকাখনত অন্তর্ভুক্ত হোৱা মুঠ শব্দৰ সংখ্যা হৈছে ৭০,৫২০টা। এই অভিধানখনৰ বিষয়ে অনিল বৰুৱাই কৈছে-


বৰ্তমান দ্রুত কাৰিকৰী যুগত লেখক লেখিকাই ব্যৱহাৰ কৰা জটিল শব্দ একোটাৰ বাবে মুদ্রিত অভিধানবোৰৰ দৰে বৃহৎ কলেৱৰৰ পুথিৰ সহায় লোৱাতো বহুতৰে বাবে সম্ভৱপৰ হৈ নুঠেগৈ। এইখিনিতে কম্পিউটাৰত উপলব্ধ হোৱাকৈ অসমীয়া ভাষাৰ এখন অভিধানৰ প্ৰয়োজনীয়তা আহি পৰে। যাতে তথ্য-প্রযুক্তি নিৰ্ভৰ বৰ্তমান প্রজন্ম ছাত্ৰ-ছাত্ৰী তথা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগতে অসমীয়া লেখক, সাহিত্যিক, কবি তথা ছপাশালৰ কৰ্মচাৰী সকলেও আধুনিক অসমীয়া মুদ্রণ পদ্ধতিত সঘনাই দেখা দিয়া আখৰ জোটনি বিভ্রাটৰ বিপৰীতে ভাষাটোৰ শুদ্ধ তথা দ্রুত কাৰিকৰী ব্যৱহাৰৰ দিশত এক সুফল পায়। (user manual ব্যৱহাৰ কৰোঁতাৰ হাতপুথি)


ইয়াৰ পিছত ২০১২ চনত দুর্লভ গগৈৰ 'সহজ সন্ধান অসমীয়া অভিধান' নামৰ আন এখন ছফটৱেৰ অভিধান প্রকাশ পায়। এই অভিধানত প্রায় ৬৫,২৮৫ টা শব্দৰ প্ৰবিষ্টি পোৱা যায়। শব্দবোৰৰ অসমীয়া অৰ্থৰ লগতে এই অভিধানখনত ইংৰাজী অর্থও দিয়া হৈছে। লগতে ব্যাকৰণৰ কিছুমান উল্লেখযোগ্য নিয়ম, বিভ্রান্তিৰ সৃষ্টি কৰা কিছুমান শব্দৰ উচ্চাৰণৰ নিৰ্দেশ, কেতবোৰ শব্দৰ বিপৰীত অর্থ ইত্যাদিও সন্নিবিষ্ট কৰিছে।



সাৰাংশ (Summing Up)


বর্তমান কম্পিউটাৰ আৰু কম্পিউটাৰৰ সেৱাসমূহত আঞ্চলিক ভাষাই যথেষ্ট গুৰুত্ব লাভ কৰিছে। ইয়াৰ ভিতৰত শেহতীয়াকৈ অসমীয়া ভাষাৰো ব্যৱহাৰ হোৱা দেখা গৈছে। কিন্তু তৎস্বত্তেও অসমীয়া ভাষাই আন আন ভাষাৰ দৰে কম্পিউটাৰৰ জগতখনত খোপনি পুতিব পৰা নাই। বিভিন্ন ছফটৱেৰৰ নিৰ্মাণ হৈছে যদিও আন্তর্জাতিকভাবে স্বীকৃতি পাবৰ বাবে প্রয়োজনীয় ইউনিক'ড ব্যৱস্থাত অসমীয়া ভাষা এতিয়াও এলাগী হৈয়ে আছে। অসমীয়া লিপি বাংলা লিপিৰেই এটা উপ-লিপি হিচাপে ধৰি লৈ কেতবোৰ কাৰিকৰী অসুবিধা দশাই অসমীয়া লিপিক এতিয়াও বাংলা লিপিৰ লগতে সাঙুৰি ৰাখিছে। কিন্তু এই কথা স্বীকার্য যে ইউনিক'ডৰ মৰ্যাদা পোৱালৈ ৰৈ নাথাকি অসমীয়া ভাষাক ডিজিটেল মাধ্যমত প্ৰতিষ্ঠা কৰিবৰ বাবে এচাম সচেতন ব্যক্তিয়ে অহৰহ চেষ্টা চলাই আছে। এই চেষ্টাৰ ফলস্বৰূপে আমি অসমীয়া লিপিত কম্পিউটাৰত লিখিব পাৰিছো, বাতৰি কাকত, কিতাপ আলোচনীক কম্পিউটাৰত পঢ়িব পাৰিছো। অসমীয়া ভাষাক যাতে সমগ্র বিশ্বৰ লোকে কম্পিউটাৰত ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে ইউনিক'ডে অসমীয়া ভাষাক সুকীয়া স্বীকৃতি নিদিয়া পর্যন্ত আন্দোলন অব্যাহত ৰাখিব লাগিব।

Post a Comment

0 Comments